চনো সুডৰ বিশেষ পদক্ষেপ চিলাই মেচিন প্ৰদান কৰিলে দুখীয়া পৰিয়ালক ।

0 405

কৰোনা মহামাৰীৰ সময়ত সমগ্ৰ দেশত কাৰ্যকৰী হোৱা লকডাউনৰ মাজত অভিনেতা চনো সুদ দৰিদ্ৰ মানুহৰ বাবে ঈশ্বৰতকৈ কম নাছিল । চনো সুডৰ মহানুভৱতাৰ অনেক কথা মানুহে শুনিবলৈ পায়। কেতিয়াবা, অভিনেতাসকলে কাৰোবাক চাকৰি প্ৰদান কৰে কেতিয়াবা আকৌ আৰ্থিকভাৱে সহায় কৰে । আনকি কৰোনা কালতো আৰুপৰৱৰ্তী সময়তো অভিনেতাসকলে মানুহক সহায় কৰাত কোনোগুণে পিছ পৰি থকা নাই।

দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি থকা এটা পৰিয়ালক চনো সুডে চিলাই মেচিন উপহাৰ দি পৰিয়ালতোক উদ্ধাৰ কৰিছে লগতে তেওঁলোকে তৈয়াৰ কৰা প্ৰথম চাৰ্টটো তেওঁৰ বাবে চিলাবলৈ আহ্বান জনায় । পৰিয়ালতোৰ লোকে সহায় কৰাৰ বাবে চনোৰ বাবে ভভগৱানৰ কাষত প্ৰাৰ্থনা জনাইছে ।

এইয়াই প্ৰথম নহয় যে চনো সুডএনেদৰে কাৰোবাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ পূৰ্বেও বহুতো পৰিয়ালক সহায় কৰিছে যিসকলে অৰ্থনৈতিকভাবে কষ্টত ভুগি থাকিব লগা হৈছে । ইয়াৰ আগতে, চনো সুডে উত্তৰাখণ্ডৰ তেহৰী ঘটনাত মৃত্যু হোৱা দেউতাকৰ চাৰিজনী কন্যাৰ দায়িত্ব লোৱাৰ সিদ্ধান্ত লৈছিল ।

Leave A Reply

Your email address will not be published.