এইবাৰ চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে, কোন বিশ্ববিদ্যালয়ৰ হাতত পৰিল কোন বিভাগৰ দায়িত্ব

0 445

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পিছতেই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ বহুকেইখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ক দিয়া হৈছে নিযুক্তি পৰীক্ষাৰ পতাৰ দায়িত্ব।

গুৱাহাটী বিশ্ববিদ্যালয়ে পাতিব উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাতিব আৰক্ষী, হোম গাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা ।

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে পাতিব সমাজ কল্যাণ আৰু ভুমি সংৰক্ষণ বিভাগৰ নিযুক্তি পৰীক্ষা ।

জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা পাতিব তেজপুৰ বিশ্ববিদ্যালয়ে।

media school
Leave A Reply

Your email address will not be published.