চিকিৎসালয়ত ভৰ্তি মাষ্টাৰ ব্লাস্তাৰ শচীন তেণ্ডুলকাৰ
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
শচীন টেণ্ডুলকাৰে নিজেই এটা টুইটযোগে সদৰি কৰে এই কথা।
চিকিৎসকৰ পৰামৰ্শৰ পিছত শচীনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
টুইটত ভাৰতবাসীক আশা প্ৰকাশ দি লগতে লিখে যে অতি শীঘ্ৰে তেওঁ ঘৰলৈ উভতি আহিব লগতে কৰোনাৰ সকলো নিয়মাৱলী মানি চলিবলৈ অনুৰোধ জনায়
শচীন তেণ্ডুলকাৰে শেহতীয়াকৈ ৰোড চেফটি ৱৰ্ল্ড চিৰিজত অংশগ্ৰহণ কৰিছিল, য’ত ভাৰতৰ কিংবদন্তিসকলে তেওঁৰ অধিনায়কত খিতাপ অৰ্জন কৰিছিল ।
এই চিৰিজৰ ফাইনেলত, দলটোৱে শ্ৰীলংকাক পৰাজিত কৰিছিল। টুৰ্ণামেণ্টৰ কেইদিনমান পিছতে, শচীন টেণ্ডুলকাৰ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।
ইয়াৰ লগতে ইণ্ডিয়া লেজণ্ডছ দলত থকা অন্য তিনিগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰদেশত কৰোনাৰ উপস্থিতি পোৱা গৈছিল।
ইয়াৰ ভিতৰত আছে ইছুফ পাঠান, ইৰফান পাঠান আৰু এছ বদ্ৰীনাথ।
যোৱা ২৭ মাৰ্চ তাৰিখে তেণ্ডুলকাৰে কোৰোনা পজিটিভ হোৱা বুলি টুইট যোগে সদৰি কৰিছিল লগতে নিজকে অন্য লোকৰ পৰা আঁতৰাই ৰাখিছিল ।
এই ক্ষেত্ৰত এতিয়ালৈ তেওঁৰ পৰিয়ালৰ কোনো লোক কোৰোনাৰ পজিটিভ হোৱা নাই ।