প্ৰসংগ লাভ জেহাদ: সপক্ষে বিপক্ষে ৰাজনীতিবিদ

0 274

লাভ জেহাদৰ প্ৰসংগ বিভিন্ন সময়ত চৰ্চিত হৈ থাকে ।লাভ জেহাদৰ আঁৰ লৈ ৰাজনৈতিক নেতা সকলে বহু সময়ত তীৰ্যক মন্তব্য আৰু টিপ্পনী দিয়া দেখা যায় ।ৰাজনীতিৰ পথাৰখনত লাভ জেহাদৰ দৰে প্ৰসংগ আউতালৈ আনি ৰাজনীতিবিদসকলে সপক্ষে বিপক্ষে মাত মাতে ।

এইবাৰ কেৰেলাত লাভ জেহাদ বিৰোধী আইন প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিছে যোগী আদিত্যনাথে ।যোগী আদিত্যনাথৰ এই ভাষ্যৰ পাছতে উভতি ধৰে কংগ্ৰেছৰ সাংসদ শশী ঠাৰোৰে ।তেওঁ কয় যে এই ধৰণৰ প্ৰস্তাৱ এক প্ৰকাৰৰ অযুক্তিকৰ ।কোনোলোকৰ লাভ জেহাদৰ ঘটনা সন্দৰ্ভত সকলোকে লাভ জেহাদ কৰিছে বুলি ক’ব নোৱাৰি।

https://mobile.twitter.com/ANI/status/1377600485138472963?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts


সাংসদ শশী ঠাৰোৰে কয় যে –
” এই ধৰণৰ ভাষ্যই সাম্প্ৰদায়িক ভাৱে সমাজৰ আগত বিষাক্ত বাৰ্তা প্ৰেৰণ কৰা বুজায় । কিয়নো এনেধৰণৰ উদ্দেশ্যই আমাৰ মতামতক মেৰুকৰণ কৰিবলৈ চেষ্টা কৰিছে ।কেন্দ্ৰীয় চৰকাৰ আমাৰ ব্যক্তিগত জীৱনৰ সৈতে কিয় ব্যস্ত হৈ পৰিছে ।

এইখন আমাৰ দেশ আৰু গণতন্ত্ৰৰ সপক্ষে থকাটো বিচাৰো ।চৰকাৰে নিৰ্ধাৰণ কিয় কৰিব আমি কি পিন্ধিব লাগে ,কি খাব লাগে , ক’ত প্ৰাৰ্থনা কৰিব লাগে ।

media school
Leave A Reply

Your email address will not be published.