পৰম্পৰাগত সাজ পৰিধান কৰি পৰিয়ালৰ সৈতে ভোট সাব্যস্ত হিমন্ত বিশ্ব শৰ্মাৰ

0 1,074

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পাছতে আজি ৰাজ্যৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

আজি ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ই ভি এমত ৷

সমান্তৰালভাৱে আমিনগাৱঁত নিজৰ পৰিয়াল সহ ভোটদান সাব্যস্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

এইবাৰ পূৰ্বতকৈ অধিক আসন লাভ কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কামৰূপৰ জালুকবাৰী সমষ্টিত পুৱা ৭ মান বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্রক্রিয়া।

পুৱাৰে পৰা ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়াকৈ শাৰী পাতে।

৫১ নং জালুকবাৰী সমষ্টিৰ ড০ হিমন্ত বিশ্ব শৰ্মাই তেওৰ পত্নী ৰিনিকি ভূঞা শর্মা আৰু পুত্ৰ নন্দিলে ভোটাধিকাৰ সাব্যস্ত কৰে আমিনগাও বেঙ্গলী হাইস্কুল ভোট কেন্দ্ৰত ।

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সম্পূৰ্ণ অসমীয়া সাজ ধূতি , পঞ্জাৱী , চুৰিয়া পিন্ধি অহা পৰিলক্ষিত হ’ল হিমন্ত বিশ্ব শৰ্মাক

media school
Leave A Reply

Your email address will not be published.