টপ স্কিমত নাম অন্তৰ্ভুক্ত ভাৰতীয় টেনিছ তাৰকা

0 384

চাৰি বছৰৰ অন্তত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ টাৰ্গেট অলিম্পিক পডিয়াম স্কিম(টপ)ত নাম অন্তৰ্ভুক্ত হৈছে টেনিছ তাৰকা ছানিয়া মিৰ্জা।

মিছন অলিম্পিক চেলৰ ৫৬ সংখ্যক বৈঠকত ভাৰতৰ অভিজ্ঞ খেলুৱৈ গৰাকীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হয়।

একাধিক গ্ৰেণ্ডশ্লাম বিজয়ী ৩৪ বছৰীয়া তাৰকা গৰাকী আঘাতৰ সমস্যাত ভুগি এই আঁচনিৰ পৰা বাহিৰ হৈছিল।

খেলুৱৈ গৰাকীয়ে মাতৃত্ব অৰ্জনৰ পূৰ্বে থকা ৰেংকিঙৰ ভিত্তিত পুনৰ এই আঁচনিত নাম অন্তৰ্ভুক্ত হয়।

পূৰ্বৰ ৰেংকিঙৰ ভিত্তিত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ খেলুৱৈ গৰাকীয়ে।

২০১৭ চনত অ’পেনৰ ৰূপত অন্তিমখন প্ৰতিযোগিতাত অংশ লৈছিল খেলুৱৈ গৰাকী।

সেই সময়ত ছানিয়াৰ বিশ্ব ৰেংকিঙত স্থান আছিল নৱম।

বৰ্তমান বিশ্ব ৰেংকিঙত খেলুৱৈ গৰাকীৰ স্থান ১৫৭।

কিন্তু ডব্লিউ টি এৰ নিয়ম অনুসৰি আঘাতপ্ৰাপ্ত বা সন্তানসম্ভৱা হোৱাৰ বাবে যদিহে ছমাহতকৈ অধিক খেলুৱৈ এগৰাকীয়ে বিৰতি লয় তেন্তে তেওঁক বিশেষ ৰেংকিং প্ৰদান কৰা হয়

media school
Leave A Reply

Your email address will not be published.