ছবি নিৰ্মাতাৰ পত্নী-কন্যাৰ আত্মহত্যা

0 19,155

ফ’ৰাৰ,আজ কী ঔৰত ছবিৰ পৰিচালক সন্তোষ গুপ্তাৰ পত্নী আৰু কন্যাই আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্নী অস্মিতা গুপ্তা আৰু কন্যা সৃষ্টি গুপ্তাই কৰিছে আত্মহত্যা।

৫৫বছৰীয়া অস্মিতাই গাত জুই লগায় আৰু ষোল্লবছৰীয়া কন্যা সৃষ্টিয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰে ।

গডৰ,ঘাতক,বিচ্চু,আন্দাজ অপনা আদিত অভিনয় কৰিছিল সন্তোষ গুপ্তাই।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

সন্তোষ গুপ্তাৰ পত্নী অস্মিতা গুপ্তাই দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকাৰ ফলত এই চৰম পন্থা হাতত লোৱা বুলি জানিব পৰা গৈছে।

ডি এন নগৰ আৰক্ষী থানাৰ জেষ্ঠ্য আৰক্ষী পৰিদৰ্শক ভাৰত গায়কৱাডে কয় যে ‘আমি গোচৰটোত দুটা পৃথক দুৰ্ঘটনাজনিত প্ৰতিবেদন পঞ্জীয়ন কৰিছো আৰু তদন্ত অব্যাহত ৰাখিছো।’

media school
Leave A Reply

Your email address will not be published.