“কাৰ্ফিউৰ সময়ত প্ৰেমিকাৰ পৰা দূৰত্ব বৰ্তাই ৰাখক”প্ৰেমিকাক সাক্ষাত কৰিবলৈ আৰক্ষীক সহায় ভিক্ষা যুৱকৰ

0 603

প্ৰমিকালৈ বৰকৈ মনত পৰিছে যুৱকজনৰ। ক’ভিড কাৰ্ফিউৰ মাজতে প্ৰেমিকাক লগ ধৰিবলৈ অনুমতি বিচাৰি উপায়বিহীন হৈ আৰক্ষীলৈ টুইট যুৱকজনৰ। আৰক্ষীয়েও দিলে যুৱকৰ টুইটৰ আমোদজনক প্ৰত্যুত্তৰ।

ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে এই আমোদজনক ঘটনা সংঘটিত হৈছে মুম্বাইত। সম্প্ৰতি মুম্বাইত জাৰি কৰা হৈছে কোভিড কাৰ্ফিউ। জৰুৰীকালীন যান-বাহনৰ ক্ষেত্ৰত ভিন্ন ৰঙী ষ্টীকাৰ লগোৱাৰ ব্যৱস্থা কৰিছে মুম্বাই আৰক্ষীয়ে।

যোৱা সপ্তাহৰপৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে মুম্বাইত। প্ৰেমিকাক লগ ধৰিবলৈ যাবলৈ কি ৰঙৰ ষ্টীকাৰ ব্যৱহাৰ কৰিব লাগিব এই সন্দৰ্ভত টুইটযোগে আৰক্ষীক প্ৰশ্ন কৰে অশ্বিন বিনোদ নামৰ যুৱকজনে।

প্ৰত্যুত্তৰত আৰক্ষীয়ে কয়, ‘আমি বুজি পাইছো আপোনাৰ বাবে এইটো কিমান জৰুৰী, কিন্তু আমাৰ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত ই অন্তৰ্ভুক্ত নহয়, তাৰ বাবে আমি দুঃখিত!, দূৰত্বই আন্তৰিকতা বৃদ্ধি কৰে আৰু সাম্প্ৰতিক পৰিৱেশত আপোনাকো সুস্থ ৰাখে।’

Leave A Reply

Your email address will not be published.