আজি ঘোষণা হ’ব অসম বিধানসভা নির্বাচন ২০২১ৰ ফলাফল: কোনে মাৰিব শেষ হাঁহি?

0 1,645

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮বজাৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে প্ৰায় সকলো এক্সিট প’লে অসমত বিজেপি মিত্ৰজোঁটে বিজয়ী হ’ব বুলি ভৱিষ্যতবাণী কৰিছে।

ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক ৭৫-৮৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটক ৪০-৫০খন আসন দিছে।
এইবাৰ নিৰ্বাচনত দুটা প্ৰধান মিত্ৰজোঁট প্ৰতিদ্বন্দ্বিতাত নামিছে। এটা বিজেপিৰ নেতৃত্বত আৰু আনটো কংগ্ৰেছৰ নেতৃত্বত। বিজেপি নেতৃত্বৰ মিত্ৰজোঁটত আছে আঞ্চলিক দল অসম গণপৰিষদ আৰু ইউপিপিএল।

সেইদৰে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত আছে এআইইউডিএফ, আঞ্চলিক গণমৰ্চা, চিপিআই, চিপিআই(এম), চিপিআইএম(এল), বিপিএফ আৰু আৰজেডি।

বিজেপিয়ে ৯২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ইয়াৰ সহযোগী অগপ আৰু ইউপিপিএলে ক্ৰমে ২৬খন আৰু ৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে, কংগ্ৰেছ অকলে ৯৪খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে এআইইউডিএফে ২৪খন আসনত, বিপিএফে ১২খনত, চিপিআই(এম) ২খনত আৰু  চিপিআই, চিপিআইএম(এল), আৰজেডিয়ে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছিল। এইবাৰ তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ২৭ মাৰ্চৰ আৰম্ভ হৈ ৬ এপ্ৰিলত সমাপ্ত হৈছিল।

২০২১ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭ জন আৰু ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ হৈছে ১,১৮,২৩,২৮৬জন আৰু মহিলা ভোটাৰ হৈছে ১,১৫,৫০, ৪০৩জন তথা তৃতীয় লিংগৰ ৩৯৮জন। এইবাৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছিল ৩৩,৫৩০ টা আৰু ইয়াৰ মূল কেন্দ্ৰ আছিল ২৮,২০৫ আৰু সহকেন্দ্ৰ ৫,৩২৫টা।

এইবাৰ ২০২১ত পোষ্টেল বেলটৰ সংখ্যা হৈছে ১,৫০, ০৩৩খন(৩০ এপ্ৰিললৈকে)। পোষ্টেল বেলটৰ সংখ্যা এইবাৰ ৪১৪শতাংশ বৃদ্ধি পাইছে।এইবাৰ ২০২১ত ভোটগণনা কেন্দ্ৰ হৈছে ৩৩১টা। ইয়াৰে ২৭৯টা ইভিএম গণনা হল আৰু ৫২টা পোষ্টেল বেলট গণনা হল।

Leave A Reply

Your email address will not be published.