অসমত বিগত ২৪ ঘন্টাত ক’ৰনাত ২৩ জনৰ মৃত্যু

0 603

অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ৩,৪৫৩ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। আনহাতে এই সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ ২৩জন লোকৰ মৃত্যু ঘটিছে।

ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰৰ যোগেদি এইকথা নিশ্চিত কৰিছে।

তেওঁ জানিবলৈ দিয়া মতে শনিবাৰে ৰাজ্যখনত পজিটিভ ৰোগীৰ হাৰ ৬.৩৯শতাংশলৈ বৃদ্ধি পাইছে।

মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে ৰাজ্যখনত বিগত ২৪ ঘন্টাত সম্পন্ন কৰা ৫৪,০০২জন লোকৰ পৰীক্ষাৰ ভিতৰত মুঠ ৩,৪৫৩জন লোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

নতুনকৈ কৰ’নাত আক্ৰান্তসকলৰ ভিতৰত অকল কামৰূপ মহানগৰ জিলাতে আছে ১,৪১৭জন লোক।

ৰাজ্যখনত বৰ্তমান আৰোগ্যৰ হাৰ ৮৯.২২শতাংশ বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.