স্পেইনত ক’ৰনাত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস

0 465

বৰ্তমান ভাৰতবৰ্ষক ক’ৰনা মহামাৰীয়ে জোকাৰি যোৱাৰ সময়ত বিশ্বৰ সবাতোকৈ ভয়াবহ অভিজ্ঞতাৰ সাক্ষী হোৱা দেশবোৰৰ ভিতৰত অন্যতম আছিল স্পেইন ।

যোৱা মাহত দেশখনত ২,৭৫৭লোকৰ ক’ৰনাত মৃত্যু হৈছিল ।বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পিছত এইটোৱেই প্ৰথম মাহ ,য’ত ক’ৰনাত মৃত্যু হোৱা লোকৰ সংখ্যা স্পেইনত সবাতোকৈ কম।

বিশেষজ্ঞৰ মতে ইয়াৰ অন্যতম কাৰণ হ’ল প্ৰতিষেধক প্ৰদান অভিযান ।যোৱা মাহত ৮০লাখ লোকক স্পেইনত ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ পৰিণতিত এপ্ৰিলত দৈনিক ৯০জনৰ ক’ৰনাত মৃত্যু হয়।

অথচ তাৰ আগৰ মাহত অৰ্থাৎ মাৰ্চ মাহত দৈনিক ১০০ জন লোকৰ ক’ৰনাত মৃত্যু হৈছিল ।দেশখনত মুঠ জনসংখ্যাৰ ২৫শতাংশ লোকে ইতিমধ্যে ভেকচিন লৈছে ।প্ৰায় ৫,০৯৮ ,৯০৩ গৰাকীয়ে অৰ্থাৎ ১০.৮ শতাংশই ক’ৰনা ভেকচিনৰ দুটাকৈ ভেকচিন ইতিমধ্যে গ্ৰহন কৰিছে ।সম্প্ৰতি স্পেইনত ক’ভিডৰ তৃতীয় ঢৌ অব্যাহত আছে ।বিশেষজ্ঞৰ গৱেষণা অনুযায়ী আহিব লগীয়া গ্ৰীষ্ম কালত ক’ৰনাৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ আশংকা কৰিছে ।

media school
Leave A Reply

Your email address will not be published.