মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কি প্ৰতিশ্ৰুতি দিলে ?
অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰি ৰাজ্যপালৰ উপস্থিতিত শপত গ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই লগতে সংবাদমাধ্যমক সম্বোধন কৰি সংবাদমেলত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ বিশেষ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলত পৰেশ বৰুৱাক উদ্দেশ্য কৰি আহ্বান জনাই হিমন্তই কয় যে ‘সংযুক্ত মুক্তি বাহিনী, অসম’ৰ নেতা বা এই সংগঠনৰ নেতৃত্ব লোৱা পৰেশ বৰুৱাকো অনুৰোধ কৰিম যে সশস্ত্ৰ সংগ্ৰামৰ পথ সামৰি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি ওভতাই আনিবলৈ সকলোৱে মিলি সমস্যাবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব।‘
তদুপৰি, হত্যা অপহৰণৰ নিচিনা ঘটনাই সমস্যা জটিল কৰে, সমস্যা সমাধান নকৰে বুলি উল্লেখ কৰি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় ‘অনাগত ৫ টা বছৰত শান্তিৰ মাজেৰে আমি জাতীয় জীৱনৰ মূল সূঁতিলৈ ওভতাই আনিবলৈ সফল হ’ম।‘
তেওঁ আৰু কয় ‘আমাৰ নতুন মন্ত্ৰী সভা খনে আন সশস্ত্ৰ সংগঠন সমূহকো শান্তিৰ আলোচনাৰ মাজেৰে অসমত শান্তি আনিবলৈ অনুৰোধ জনাম।লগতে সংবাদমেলত এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আশীৰ্বাদ বিচাৰি তেওঁ লগতে কয় ‘কাইলৈ আমাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। কোভিড সন্দৰ্ভত এই বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় ।মিত্ৰদলৰ সৈতে সংযুক্ত হৈ অসমৰ জনসাধাৰণৰ সন্মুখত দিয়া প্ৰতিশ্ৰুতি আৰু সপোন বাস্তৱলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা হাতত লব বুলি জনায় আৰু এই সন্দৰ্ভত লবলগীয়া সিদ্ধান্ত সমূহক অসমৰ ৰাইজক অৱগত কৰিম।‘
‘বৈঠকত অসমত শেহতীয়া কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব সেই বিষয়তোক লৈ আমি আলোচনা কৰিম ।‘
‘১ লাখ নিবনুৱা যুৱক- যুৱতীৰ কৰ্ম সংস্থাপন, অৰুনোদই আঁচনিক এক নতুন মাত্ৰা প্ৰদান, Micro ফাইনাঞ্চৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি আমি দিছিলোঁ।নিৰ্ধাৰিত সময়ৰ মাজত আমি কিদৰে প্ৰতিশ্ৰুতিবোৰ পালন কৰিব পাৰো তাৰ বাবে আমি ব্যৱস্থা ল’ম।‘ মুখ্যমন্ত্ৰীয়ে আশ্বাস দি কয়।