চীনৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘বেলকনিত ভগৱান’

0 651

ইতিমধ্যে দেশ-বিদেশৰ ভালেমান ছবি মহোৎসৱত সুনাম অৰ্জন কৰা অসমীয়া ছবি ‘বেলকনিত ভগৱান’ এইবাৰ চীনৰ ২৪ সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে।

ছাংহাইত অহা ১১ জুনৰ পৰা ২০ জুন, ২০২১ লৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মানজনক মহোৎসৱত ছবিখন পেনোৰামা শিতানত প্ৰদৰ্শিত হ’ব।

নুৰুল চুলতানৰ প্ৰযোজনা আৰু বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত ‘বেলকনিত ভগৱান’ ছবিখনৰ সাফল্যই ক’ৰণা মহামাৰীৰ সংকটকালত ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

media school
Leave A Reply

Your email address will not be published.