ঘৰতে বহি হাঁওফাওঁ টেষ্ট কেনেকৈ কৰিব।কি ক’লে ডাক্তৰে জানোঁ আহক।
কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌত, হাঁওফাঁওৰ সংক্ৰমণৰ ফলত ভাৰতত বহুলোকৰ মৃত্যু হৈছে। কৰোনা ভাইৰাছে মানুহৰ হাঁওফাঁওক আক্ৰমণ কৰে । পৰৱৰ্তী সময়ত ৰোগীৰ উশাহ লোৱাত অসুবিধা হয়। চিকিৎসকৰ মতে নতুন কৰোনা মিউটেন্ট যথেষ্ট বিপদজনক, ইয়াৰ সংক্ৰমণ প্ৰথমে ডিঙিত আৰম্ভ হয়। এই ক্ষেত্ৰত, যদি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম লগতে ভাইৰাছটো পোনপটীয়াকৈ ডিঙিৰ পৰা হাঁওফাঁওলৈ যায়।
তেন্তে,কৰোনা পজিটিভ ৰোগীৰ ক্ষেত্ৰত ৫ ৰ পৰা ৬ দিনৰ পিছত এই সংক্ৰমণবোৰ হাঁওফাঁওত দেখা দিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, আপোনাৰ হাঁওফাঁও কিমান স্বাস্থ্যৱান আৰু শক্তিশালী সেয়া জনাটো আপোনালোক সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ ।
সাধাৰণতে, হাঁওফাঁওৰ স্থিতি জানিবলৈ এক্স-ৰে কৰিব লাগে। কিন্তু ঘৰতে বহি আপোনাৰ হাঁওফাঁও পৰীক্ষা কৰাৰ এক সহজ উপায় উলিয়াইছে এখন চিকিৎসালয়ে।
দেশৰ অন্যতম শীৰ্ষ চিকিৎসালয় জায়েডাছ হস্পিটেলে এনিমেটেড ভিডিঅ’যোগে চিকিৎসালয়ত হাঁওফাঁও পৰীক্ষা কৰাৰ এটা সহজ উপায় দেখুৱায়। তেওঁলোকে এটা ভিডিঅ তৈয়াৰ কৰিছে ।ভিডিঅ’টো শ্বেয়াৰ কৰি জায়েডাছ হস্পিটেলে লিখিছে, “আপোনাৰ হাঁওফাঁওৰ ক্ষমতা পৰীক্ষা কৰাৰ এইটো এটা দ্ৰুত আৰু সহজ উপায়।
হাঁওফাঁও কেনেদৰে পৰীক্ষা কৰিব লাগে শিকোঁ আহক
জায়েদাস চিকিৎসালয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৱে ০ ৰ পৰা ১০ লৈ নম্বৰ নিৰ্ধাৰণ কৰি দিছে। য’ত ২ নম্বৰক সাধাৰণ হাঁওফাঁও বুলি কোৱা হৈছে। ৫ নম্বৰক শক্তিশালী লাংবুলি কোৱা হৈছে। শেষত ১০ নম্বৰটোক চুপাৰ লাংবুলি কোৱা হৈছে।
আপুনি “ভিডিঅ’টো প্লে কৰিব লাগিব আৰু আপোনাৰ উশাহ ধৰি ৰাখিব লাগিব, আৰু ঘূৰি থকা ৰঙা বলটো চাব লাগিব। ৰঙা বলটো কিমান বাৰ ঘূৰে, সেই অনুসৰি আপোনাক নম্বৰ দিয়া হ’ব। অৰ্থাৎ, যেতিয়া আপুনি উশাহ বন্ধ কৰে, ভিডিঅ’টো প্লে কৰে আৰু যেতিয়া আপুনি উশাহ হেৰুৱায়, আপোনাক কিমান পইণ্ট দিয়া হৈছে। আপুনি যিমানে দীঘলীয়া উশাহ ধৰি ৰাখিব পাৰে, আপোনাৰ হাঁওফাঁও সিমানে শক্তিশালী হয়।
(টোকা: জায়েডাছ চিকিৎসালয়ৰ দ্বাৰা শ্বেয়াৰ কৰা এই ভিডিঅ’টো হাঁওফাঁও পৰীক্ষা কৰাৰ এক উপায়। কিন্তু যদি আপোনাৰ কেতিয়াবা উশাহ লোৱাত অসুবিধা হয়, আপুনি লগে লগে আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।)
I can hold my breathe till 7
WOO.That’s great .
i can hold to 8…
woo.nice