ধঁপাতজাতীয় সামগ্ৰীত CLPFৰ অতিৰিক্ত কৰ আৰোপৰ আহ্বান

0 445

চৰকাৰৰ অধিক ৰাজহৰ অৰ্জনৰ বাবে ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জিএছটি কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লিগেল প্ৰটেকশ্যন ফৰাম, অসমে ।

কোভিডৰ তৃতীয়ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃ গাঁথনি উন্নয়ন আৰু ভেকচিন ক্ৰয়ৰ দৰে কাৰ্যৰ বাবে চৰকাৰক প্ৰয়োজন হোৱা পুঁজি ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰে ।
উল্লেখযোগ্য যে কনজিউমাৰ্চ লিগেল প্ৰটেকশ্যন ফৰামে বুধবাৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰি অহা ২৫ মে’ত অনুষ্ঠিত হ’বলগীয়া জি এছ টি কাউন্সিলৰ বৈঠকত ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিবলৈ আহ্বান জনায় ।উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ তুলনাত ৭৫% অধিক কৰ আৰোপ কৰিবলৈ ভাৰত চৰকাৰক পৰামৰ্শ দিছে।সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত হ’ল দ্বিতীয় সৰ্বাধিক ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা দেশ। প্ৰতি বছৰে ভাৰতত ১৩ লাখ লোকৰ মৃত্যু হয় ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত হোৱা ৰোগৰপৰা।

media school
Leave A Reply

Your email address will not be published.