ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহকাৰী আটক

0 477

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৭ টা গৰু সহ এজন গৰু সৰবৰাহকাৰী আটক

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্ত যোৱা কালি আবেলি গৰু সৰবৰাহকাৰী চক্ৰ এটাই বাংলাদেশলৈ গৰু চালন কৰিবলৈ নিয়া অৱস্থাত মানকাচৰ আৰক্ষীয়ে ৭ টা গৰু সহ এজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা গৰু সৰবৰাহকাৰী জন মানকাচৰ থানা এলেকাৰ কাঠালবাৰি গাওঁৰ সহিজল হকৰ পুত্ৰ আৰমান আলী(৩২) বুলি চিনাক্ত কৰা হৈছে।

যোৱা কালি আবেলি প্ৰায় ৫ বজাত ৭ টা গৰু লৈ ভাৰত-বাংলাদেশ সীমান্তৰ চাৰবাৰী গাওঁৰ দিশে গৈ থকা অৱস্থাতে আৰক্ষীয়ে লোক জনক ৭ টা সহ আটক কৰে।

উক্ত গৰু সৰবৰাহকাৰীৰ লগতে এটা বৃহৎ চক্ৰ জৰিত হৈ আছে বুলি আৰক্ষী জানিব দিয়ে আৰু অতি শিঘ্ৰে সকলোকে আৰক্ষীয়ে কৰায়ক্ত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

media school
Leave A Reply

Your email address will not be published.