বাৰে বাৰে কঁপিছে পৃথিৱী,ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

0 12,693

সোমবাৰে ৰাতিপুৱা ৯-৫০ বজাত অসমত পুনৰ ৰিখটাৰ স্কেলত ৩.৮ মেগনিটিউডৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিয়ে নিশ্চিত কৰিছে এইকথা।
নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ তথ্য অনুসৰি ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা ৪৪ কিলোমিটাৰ পশ্চিম দিশে আছিল।

উল্লেখ্য যে দেওবাৰেও বিয়লি ২.২৩ বজাত এক মজলীয়া ভূমিকম্পই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল জোকাৰি গৈছিল।

media school
Leave A Reply

Your email address will not be published.