ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ সিদ্ধান্ত

0 1,627

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বিটিআৰৰ ৰাইমনা অভয়াৰণ্যলৈ আহিছে এক ভাল খবৰ।

আজিৰে পৰা ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ফেচবুকযোগে এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ কাম চলি আছে বুলি তেওঁ কয়।


ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘোষণা কৰাৰ লগে লগে অসমত মুঠ ৬ খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানে।

তেওঁ যুৱ সমাজক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি বহনক্ষম পদ্ধতি গ্ৰহণেৰে অধিক গছপুলি ৰোপণ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ দিশত আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.