বিশ্ব সংবাদ কেন্দ্ৰৰ ইতিবাচক অন্বেষণ-এক ব্যাখ্যান শৃংখল শীর্ষক বক্তৃতাত বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী

0 330

কৰ’না মহামাৰীয়ে মানব জাতিৰ এটা সুন্দৰ ভৱিষ্যত গঢ় দিছে।

বৰ্তমান বৰ জটিল সময়। এতিয়া মহামাৰী চলি আছে আৰু এই মহামাৰীৰ দিনত কেনেকে ইতিবাচক কথা পাতিব লাগে, কিদৰে আমি আমাৰ মনৰ ভয় বা ঋণাত্মক চিন্তাবিলাক কেনেকৈ আতৰাব লাগে; এইবিষয়ে আমি কথা পাতিব লাগিব ।ইতিবাচক আদান-প্ৰদান যিমান হ’ব, সিমানেই মনতো ভাল হৈ সবল হৈ গৈ থাকে ।

এই অভিমত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ। বিশ্ব সংবাদ কেন্দ্র, অসমৰ দ্বাৰা আয়োজিত ইতিবাচক অন্বেষণ, এক ব্যাখ্যান শৃংখল শীর্ষক তৃতীয় লানি বক্তৃতা প্রদান কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে, সম্প্রতি কৰ’না কালীন সময়ত যুৱ প্ৰজন্ম বা মধ্য বয়স বা বৃদ্ধকাল এই তিনিওটা বয়সৰ মানুহ হতাশাত ভূগিছে । হতাশাত অন্য কাৰণে নহয়; এটা কেতিয়াও নেদেখা, কোনোদিনে নহা এটা মহামাৰীক দেখি আতংকিত হৈ আৰু জীৱনৰ যি আশা-ভৰাষা সেইবিলাক যেন এক মূৰ্হুততে নোহোৱা হৈ গৈছে।

তেনেকুৱা এটা ধাৰণাৰ বাবে জীবনটো একেবাৰেই যেন বিফল হৈ গৈছে তেনেকুৱা এটা ভাব আহিবলৈ লৈছে বুলি তেখেতে উল্লেখ কৰে যে, এনেকুৱা বিলাক ঘটনা হোৱাৰ লগে লগে আমাৰ মন কিয় ভাঙি আহে ? বানপানীয়ে কৃষকৰ যেতিয়া খেতিডৰা ঢুৱাই লৈ গুছি যায় তেতিয়াও হতাশাাৰ ভাব হয় । ভবামতে যেতিয়া কথা নহয়, তেতিয়াই সেই হতাশাটো আহে বুলি মন্তব্য কৰি কয়, সেইটোক প্ৰথমতে আবিস্কাৰ কৰিব লাগিব যে মোৰ কিয় হৈছে হতাশাটো আৰু সেই হতাশা যেতিয়া কিয় হৈছে বুলি প্ৰশ্নটো যেতিয়া নিজক কৰে আৰু কৰিবলৈ যেতিয়া তেওঁ চিন্তা কৰে, তেতিয়াই কিন্তু আধা সফলতা আহে বুলি তেখেতে মন্তব্য কৰে ।

গতিকে হতাশাক জয় কৰাৰ প্ৰথম কথাটোৱেই হৈছে যে – How to conquer yourself first! নিজক জয় কৰিব নোৱাৰাৰ প্ৰথম কাৰণটো হৈছে আমি নিজক কিমান জানো বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি পুনৰ কয় যে, প্ৰথম কথা নিজক জানিব লাগিব মই নিজকে জয়ী হব পৰাকৈ কিমান সবল ! এই কথাটো যেতিয়া আবিস্কাৰ হব নিজে ভাবিব যে হয় মোৰ এই হতাশাটোক মই Accept কৰি জয় কৰিব পাৰো। এই কথাটো যেতিয়া মনলৈ এবাৰ আহিব, আৰু যিকোনো অৱস্থাত যিকোনো হতাশাৰ সময়ত যেতিয়া মনৰ ভিতৰত সেই যুদ্ধখনত মই জয়ী হব পাৰিম বুলি মনত দৃঢ়তা বাঢ়ে। জয়ী হবলৈ সবল হব লাগিব বুলি উল্লেখ কৰি হেজাৰ ছিটা লওঁক তাক পৰিত্ৰাণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। আনহাতে, একো উপায় নাই বুলি যিদিনা ভাবিবা সেইদিনাই আচলতে তোমাৰ বিফলতা আৰম্ভ হয় বুলি সদৰি কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয়,আজি যিটো আমাৰ চাৰিওফালে পৰিস্থিতি, সেই পৰিস্থিতি আচলতে ভবিষ্যতো নাই । কালিটো আমি বাদ দিছো । কাৰণ কালিটো আমাৰ উভতি নাহে ।

আজিটোক লৈ যদি আমি জীয়াই থাকিব পাৰো, আজিটোক যদি আমি সবল কৰিব পাৰো তেতিয়া আমাৰ ভবিষ্যতটো ভাল হব বুলি মন্তব্য কৰে । আমি আজি বৰ্তমানটোক লৈ আমি ভবিষ্যত দেখিব লাগিব। বৰ্তমানটোৱেই আমাৰ ভবিষ্যত । আজি যদি কিবা এটা ঘটিছে সেইটো কিন্তু ভালৰ বাবে ঘটিছে আৰু ভালৰ বাবে ঘটিছে এইটো কাৰণে যত আমাৰ নতুন প্ৰজন্ম বা আজিলৈকে আমিও কেতিয়াও যিবোৰ কাম কৰা নাছিলো, স্বাস্থ্যটোক লৈ বেছি ভাবা নাছিলো, কিন্তু আজি পদে পদে আনকি (সৰু) দেখিছো ১৮ বছৰীয়া ১৯ বছৰীয়া লৰা-ছোৱালীয়ে প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰিছে বুলি তেখেতে তাাাাৎপর্যপূ মন্তব্য কৰে। আজি প্ৰকৃতি নিজে নিজে ভাল হৈ আহিছে বুলি মন্তব্য কৰি কয়, প্ৰকৃতি আৰু মানুহ যদি একেলগে অলপ ভাল হবলৈ হয় তেতিয়া কিন্তু আচলতে আমাৰ ভৱিষ্যতটো সুন্দৰ । আমি এটা আচলতে সুন্দৰ ভৱিষ্যতৰ বাবে গৈ আছো বুলিও প্ৰকাশ কৰি পুনৰ কয়, ইতিবাচক হৈ থাকক – মনক সবল কৰক । প্ৰথম নিজৰ মনটোক জয় কৰক আৰু জয় কৰাৰ লগে লগে আচলতে আমি গম পাম যে আমি আচলতে এই বেয়াখিনি ভালৰ বাবে হৈছে । আমি আজি বেয়া বুলি ভাবিছো কিন্তু ভাল । আমাৰ কাৰণে এটা সুন্দৰ ভৱিষ্যতৰ দুৱাৰ খোলা হৈ গৈছে ইতিমধ্যে বুুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

প্ৰেৰক-
কিশোৰ শিৱম।
প্ৰান্ত প্ৰচাৰ প্ৰমুখ।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ।
উত্তৰ অসম।

media school
Leave A Reply

Your email address will not be published.