মেক্সিকোত অৰণ্য নিৰ্মাণত সহায় কৰিব “ফৰেষ্ট মেন “যাদৱ পায়েং

0 2,217

ভাৰতৰ আগশাৰীৰ বনকৰ্মী যাদৱ পায়েং, এককভাবে ৫৫০হেক্টৰৰো অধিক অংশ গছ ৰোপণ কৰি গঢ়ি তুলিছিল এখন বনাঞ্চল ।বৰ্তমান মেক্সিকোত এক নতুন অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে যাদৱ পায়েঙ।
“ফৰেষ্ট মেন অৱ ইণ্ডিয়া” হিচাপে জনাজাত যাদৱ পায়েঙক মেক্সিকোত ৭নিযুত গছ ৰোপনৰ বাবে এক বেচৰকাৰী সংস্থা ফাণ্ডাচিয়ন এজটেকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ।

মেক্সিকোৰ যুৱক যুৱতীক গছ কেনেকৈ ৰোপণ কৰিব লাগে আৰু তেওঁ কেনেদৰে এই কাম আগুৱাই লৈ গৈছিল সেই বিষয়ে তেওঁৰ অভিজ্ঞতা সমূহ প্ৰদান কৰিব ।

মেক্সিকোৰ ভূমিত তেওঁ আৰেকা আৰু নাৰিকল গছ ৰোপণ কৰিব ।

চিডিআইৰ প্ৰতিষ্ঠাপক আৰু সামাজিক পৰিৱৰ্তনৰ বাবে ইউনেস্কোৰ দূত ড০ এণ্ড্ৰিছ ৰোমেৰ আৰু প্ৰাকৃতিক ৰূপান্তৰকাৰী ৰিতুৰাজ ফিটানৰ উপস্থিতিত গ্ৰুপ চেলিনাছৰ প্ৰাক্তন মেক্সিকান চিনেটৰ নিনফা চেলিনাছ সদাৰ সৈতে পুৱেবলা চহৰত চিউদাদ দে লাছ আইডিয়াছ (চিডিআই)ৰ সহায়ত মেক্সিকান সংগঠনটোৰ সৈতে অধিক গছ ৰোপণ কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হয়।

ভাৰতৰ মেক্সিকোৰ দূতাবাসে এক টুইট যুগে প্ৰকাশ কৰে , “মেক্সিকোৱে ভাৰতৰ অসাধাৰণ পৰিৱেশ কৰ্মী যাদৱ পায়েং- ৪০ নিযুত গছ- নিজৰ হাতেৰে ৰোপণ কৰিব। @FundacionAzteca সৈতে মিত্ৰতাৰ ফলত মেক্সিকোত নতুন গছ ৰোপণ #ForestManOfIndia পৰ্ণপাতী গছ পুলি” ৰোপন কৰি পৃথিৱীক সেউজীয়া কৰিবলৈ আগবঢ়াই নিব ।

Leave A Reply

Your email address will not be published.