এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী পদ্মশ্ৰী বঁটা প্ৰাপক বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

0 406

সমগ্ৰ দেশৰ লগতে উত্তৰপূৰ্বাঞ্চললৈ এক দু:খবৰ ১৯৮৮ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত স্বৰ্ণপদক বিজয়ী মণিপুৰৰ বক্সাৰ নাংগম ডিংকো সিঙৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে ।

২০১৭ চনত যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে পৰা বিগত কেইবাবছৰো ধৰি অসুস্থহৈ আছিল ।

যোৱা বৰ্ষত মহামাৰীৰ কালছোৱাত কোভিড-১৯ আক্ৰান্ত হোৱাৰ পাছত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে বক্সাৰগৰাকী । মানসিক ভাবে যথেষ্ট সবল খেলুৱৈ গৰাকীয়ে এই ৰোগৰ পৰা জয় হবলৈ সক্ষম হৈছিল ।

২০২০ চনত দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলিয়াৰি চায়েন্সত ৰেডিয়েশ্বনত থেৰাপি চিকিৎসা গ্ৰহণ
কৰিছিল । কিন্তু যোৱাটো বছৰৰ এপ্ৰিলমাহত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে লগতে জণ্ডিছতো আক্ৰান্ত হয় খেলুৱৈ গৰাকী ।

তেওঁৰ খেল জীৱনত কঢ়িওৱাই অনা সুনাম বোৰৰ বাবে ১৯৯৮ চনত অৰ্জুন বঁটাৰ লগতে ২০১৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল ।

পদ্মশ্ৰী বঁটা প্ৰাপক ডিংকো সিংৰ অকাল মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে গভীৰ শোক প্ৰকাশ কৰি টুইটাৰৰ জৰিয়তে খেলুৱৈ গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.