অসমৰ প্ৰথম গৰাকী মহিলা ৰূপে অলিম্পিকৰ তালিকাত নাম সন্নিবিষ্ট হ’ল লাভলিনা বৰগোহাঁইৰ

0 513

অসমৰ লাভলিনা বৰগোহাঁই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা ৰূপে অলিম্পিকৰ তালিকাত সন্নিবিষ্ট হয়। যুৱ খেলুৱৈ লাভলিনাক ২০২০ টকিঅ’ অলিম্পিকত মহিলাৰ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত যুঁজ দিয়া দেখা যাব। উল্লেখযোগ্য যে, অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম মহিলাৰূপে নাম সন্নিবিষ্ট হ’ব লাভলিনা বৰগোহাঁই।


যুৱ খেলুৱৈগৰাকীক অভিনন্দন জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, “আমাৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয় কিয়নো @LovlinaBorgohai য়ে #Olympics ত অসমৰ প্ৰথম গৰাকী মহিলা ৰূপে পৰিণত হৈছে। এই ডাঙৰ মুহূৰ্তটোৰ বাবে আপোনালৈ আমাৰ শুভকামনা আছে। আপুনি জিলিকি থাকক আৰু সফল হওঁক।”

media school
Leave A Reply

Your email address will not be published.