ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ; ২২ জুনলৈ জাৰি কৰা নতুন SOPত কি আছে?

0 1,437

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত এক সংবাদেমেলত প্ৰকাশ কৰিলে নতুন SOP। অহা ২২ জুনলৈকে নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে এই নতুন SOP ত। নতুন SOPৰ নীতি-নিৰ্দেশনাসমূহ হ’ল ক্ৰমে :-

১.গুৱাহাটীত কাৰ্ফিউ ১ বজাৰ সলনি ২ বজাৰ পৰা নিৰ্ধাৰিত কৰা হৈছে।

২.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত কাৰ্ফিউৰ সময় বিয়লি ৫ বজাৰ পৰা দিয়া হৈছে।

৩.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট।

৪.দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ : এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়,ব্যৱসায়িক প্ৰতিষ্ঠান।

৫.২১ জুনলৈ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম।

৬.দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ।

৭.গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম।

৮.সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব।

৯.ধৰ্মীয় অনুষ্ঠান, বিবাহ, সৎকাৰত সৰ্বাধিক ১০জনেহে ভাগ ল’ব পাৰিব।

১১.২২ জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব।

media school
Leave A Reply

Your email address will not be published.