অলিম্পিকলৈ যাব মিজোৰামৰ প্ৰথম মহিলা খেলুৱৈ লালৰেমছিয়ামী

0 173

মিজোৰামবাসীলৈ আহিছে এক আশাৰ বতৰা ।মিজোৰামৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ লালৰেমছিয়ামীক অলিম্পিকত খেলিবলৈ বাচনি কৰা হৈছে ।


২১বছৰীয়া লালৰেমছিয়ামীয়ে টুকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰিব ।২৫বছৰ পূৰ্বে মিজোৰামৰ আৰ্চাৰ বি লালৰেমচেংগাই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।লালৰেমছিয়ামীৰ পূৰ্বে মিজোৰাম কোনো মহিলা খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল ।

অলিম্পিকত ভাৰতীয় মহিলা হকী দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি লালৰেমছিয়ামীয়ে আনন্দিত হয় আৰু তেওঁ এনে সুযোগে পিতৃৰ সপোন পূৰ কৰাৰ পথ মুকলি কৰিলে বুলি মন্তব্য কৰে ।লালৰেমছিয়ামীয়ে ২০১৮ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।এছিয়ান মেডেল লাভ কৰা লালৰেমছিয়ামী হৈছে প্ৰথমগৰাকী মিজো খেলুৱৈ ।

media school
Leave A Reply

Your email address will not be published.