অলিম্পিকৰ পৰা এতিয়াও দূৰত ধিং এক্সপ্ৰেছ হিমা দাস

0 3,585

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত পুনৰ ব্যৰ্থ হৈছে ধিং এক্সপ্ৰেছ খ্যাত অসম কন্যা হিমা দাস ।পাটিয়ালাত অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়ান গ্ৰাঁ-প্রি ৪এথ লেটিকছ প্ৰতিযোগিতাৰ মহিলাৰ ২০০মিটাৰ আৰু ৪×১০০ মিটাৰ দৌৰত অসমৰ তাৰকা দৌৰবিদগৰাকীয়ে স্বৰ্ণপদক অৰ্জন কৰে যদিও অলিম্পিকৰ মাপকাঠী স্পৰ্শ কৰিব নোৱাৰিলে ।

২০০ মিটাৰ দৌৰত তেওঁ ২২.৮৮ ছেকেণ্ডেৰে স্বৰ্ণপদকৰ গৰাকী হয় যদিও মাত্ৰ ০.০৮ ছেকেণ্ডৰ বাবে অলিম্পিকৰ যোগ্যতাৰ পৰা বঞ্চিত হয় ।ইফালে ,ডুটি চান্দ ,ধনলক্ষ্মী আৰু অৰ্চনা সুচেনদ্ৰানৰ সৈতে হিমাই মহিলা ৰীলে দৌৰত ৪৩.৩৭ ছেকেণ্ডেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰে ।

উল্লেখ্য যে অহা ২৫জুনৰ পৰা আৰম্ভ হ’বলগীয়া ৬০সংখ্যক আন্তঃৰাজ্যিক এথলেটিকছত হিমাই অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ পাব ।

media school
Leave A Reply

Your email address will not be published.