তেলৰ পিছত বাঢ়িল গাখীৰৰ মূল্য ১জুলাইৰ পৰা প্ৰতি লিটাৰত বৃদ্ধি হ’ব ২টকা পৰ্যন্ত

0 284

গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনৰ ঘোষণা অনুসৰি সমগ্ৰ দেশতে ১জুলাইৰ পৰা প্ৰতি লিটাৰত আমূল গাখীৰৰ দাম ২টকা পৰ্যন্ত বৃদ্ধি পাব ।

তাজা ,শক্তি ,টি-স্পেচিয়েলকে ধৰি সকলো ব্ৰেণ্ডৰ আমূল গাখীৰৰ ওপৰত কাৰ্যকৰী হ’ব।প্ৰায় এবছৰ আৰু সাত মাহৰ ব্যৱধানতৰ পিছত মূল্য বৃদ্ধি কৰা হৈছে ,উৎপাদন ব্যয় বৃদ্ধিয়ে হৈছে মূল্যবৃদ্ধিৰ মূলকাৰণ ।২০১৯চনৰ ডিচেম্বৰ মাহত দেশত গাখীৰৰ উৎপাদকসকলে গাখীৰৰ মূল্য সংশোধন কৰিছিল

গুজৰাট ,দিল্লী – এনচিআৰ ,পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰটো আমূলে প্ৰতি লিটাৰত ৩টকা কৰি বৃদ্ধি কৰিছিল।কোভিড মহামাৰীৰ কালছোৱাত গাখীৰৰ বিক্ৰী যথেষ্ট পৰিমানে বাঢ়িছে সেই অনুযায়ী আমূল কোম্পানী যথেষ্ট পৰিমানে লাভম্বিত হৈছে ।

media school
Leave A Reply

Your email address will not be published.