আইডল কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ প্ৰতিবাদ

0 3,470

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলত (দূৰৱৰ্তী আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান ) সংঘটিত কেলেংকাৰী প্ৰসংগ পোহৰলৈ অহাৰ পাছতেই এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ ।

ইউজিচিৰ অনুমতি আৰু অনুমোদন নোহোৱাকৈ ২১টা পাঠ্যক্ৰম চলায় নিয়াৰ উপৰিও প্ৰায় ৭৪ হাজাৰ ছাত্র ছাত্ৰীক সামৰি ৪০কোটি টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ।

এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ আহ্বান মৰ্মে কেলেংকাৰীৰ মেৰপাকত সোমোৱা ভুক্তভোগী সকলে সামাজিক মাধ্যম যুগে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

ইতিমধ্যে বিশ্ববিদ্যালয়ৰ বহুতো ছাত্র ছাত্ৰীয়ে প্ৰতিবাদী বাৰ্তা সামাজিক মাধ্যম যুগে আপলোড কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰতিবাদী ছাত্রছাত্ৰী সকলে আইডল কেলেংকাৰীৰ লগত জড়িত দোষীয়ে উচিত শাস্তি পাব লাগে আৰু ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আদি শ্লোগান লিখি সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

media school
Leave A Reply

Your email address will not be published.