জল্পনাঃ কল্পনাৰ অন্ত পেলাই কাৰাগাৰৰ পৰা মুক্ত হ’ল অখিল গগৈ

0 3,001

অৱশেষত বহুতো জল্পনাঃ কল্পনাৰ অন্ত পেলাই কাৰাগাৰৰ পৰা মুক্ত হ’ল অখিল গগৈ। ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। আজি NIAৰ আদালতে অখিলক অন্তিমটো গোচৰত দোষমুক্ত কৰাৰ পিছতে কাৰাগাৰৰ পৰা ওলাল কৃষক নেতা অখিল গগৈ। প্ৰায় ৫৭০ দিনৰ বন্দী জীৱনৰ অন্ত পৰিল অখিল গগৈৰ।ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)ই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে কোনো প্ৰমাণ। উল্লেখ্য যে এই সময়ছোৱাত অখিল গগৈৰ বিৰুদ্ধে ১২টাৰ অধিক বিভিন্ন গোচৰ জাপি দিয়া হৈছিল। তাৰ মাজতে কাৰাগাৰৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি  শিৱসাগৰৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিল গগৈ।

কাৰাগাৰৰ পৰা  ওলাই মুকলি আকাশৰ তললৈ অহাৰ পিছতে ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ।  ‘কা’ আন্দোলনৰ আটাইকেইজন শ্বহীদৰ ঘৰলৈকে যাব অখিল গগৈ।  তাৰ পিছতে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় আৰু কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ কথা। ইফালে সকলো ঠিকে থাকিলে কাইলৈ নিজ সমষ্টি শিৱসাগৰলৈ যাব বিধায়কগৰাকী।

media school
Leave A Reply

Your email address will not be published.