শাৰীৰিক অসুস্থতা, ICU ত চিকিৎসাধীন মোহময়ী অভিনেত্ৰী চায়েৰা বানু

0 2,306

বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী চায়েৰা বানুক ৰক্তচাপজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মুম্বাইৰ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক।


উল্লেখ্য, শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক তিনি দিন আগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱস্থাৰ অৱনতি হোৱাত বুধবাৰে পুৱা তেওঁক আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে। বৰ্তমান তেওঁ সুস্থিৰ অৱস্থাত আছে যদিও ব্লাড প্ৰেচাৰ স্বাভাৱিক অৱস্থালৈ অহা নাই। অক্সিজেন লেভেলো কিছু কমি থকা বুলি জানিব পৰা গৈছে।


অভিনেত্ৰী চায়েৰা বানুৰ স্বামী প্ৰখ্যাত অভিনেতা দিলীপ কুমাৰে ৭ জুলাইত শেষ নিশ্বাস ত্যাগ কৰিছিল। ৭৬ বছৰীয়া চায়েৰা বানুৱে ৫৪ বছৰ ধৰি দিলীপ কুমাৰৰ সৈতে ছাঁৰ দৰে আছিল।

কিন্তু স্বামীৰ মৃত্যুৰ পিছত তেওঁ অকলশৰীয়া হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ শাৰীৰিক অসুস্থতা খবৰ জানিব পাৰি বলীউডৰ কলা–কুশলীয়ে তেওঁ সোনকালে আৰোগ্য লাভৰ কামনা কৰিছে।

media school
Leave A Reply

Your email address will not be published.