ইউনিচেফৰ সতৰ্কবাণী !

0 340

তালিবান চৰকাৰে মহিলা সকলৰ শিক্ষা ব্যৱস্থাক লৈ কৰা মতামতৰ বাবে যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই বিতৰ্কৰ উপৰত এতিয়া ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন (UNESCO) আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (UNICEF) মন্তব্য কৰিছে যে আফগান ছোৱালীসকলৰ বিদ্যালয়সমূহ বন্ধ কৰিলে ই শিক্ষাৰ মৌলিক অধিকাৰক উলংঘা কৰা হ’ব ।

UNESCOমহানিৰ্দেশক অড্ৰে আজোলে এক বিবৃতিত যোগে প্ৰকাশ কৰে , যদি ছোৱালীৰ বিদ্যালয়সমূহ বন্ধ হৈ থাকে তেন্তে তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ হৈ উঠিব । সেইবাবে এই সন্দৰ্ভত “UNESCO”য়ে সতৰ্ক কৰি দিয়ে যে ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত অতি সোনকালে বিদ্যালয়লৈ উভতি যাবলৈ অনুমতি প্ৰদান কৰিব লাগে অন্যথা ইয়াৰ পৰিণাম ভাল নহ’ব । ইয়াৰ উপৰিও তেওঁলোকে আশঙ্কা প্ৰকাশ কৰে যে ছোৱালীবোৰ বিদ্যালয়লৈ পলমকৈ ঘূৰি অহাৰ ফলত তেওঁলোক শিক্ষা জীৱনৰ লগতে আন বিভিন্ন দিশত পিছ পৰি ৰব আৰু তেওঁলোকক বাল্য বিবাহৰ ফালে ঠেলি দিয়া হ’ব । তালিবানৰ এই সিদ্ধান্তই ল’ৰা-ছোৱালীৰ মাজত বৈষম্যতা বৃদ্ধি কৰাৰ লগতে ছোৱালীবোৰক উচ্চ শিক্ষা আৰু সুস্থ জীৱন ধাৰণ প্ৰণালীৰ পৰা বঞ্চিত কৰি তুলিব ।
UNESCO আৰু UNICEF দুয়োটা সংগঠনে কয় যে আফগানিস্তানে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত কিয়নো এই শিক্ষিত ল’ৰা-ছোৱালীয়ে আফগানিস্তানৰ ভৱিষ্যত গঢ়ি তুলিব আৰু এখন সুস্থ সমাজ নিৰ্মাণ কৰাত সহায় কৰিব

media school
Leave A Reply

Your email address will not be published.