জালত পৰিল SI কেলেংকাৰীৰ মূল খলনায়ক পি কে দত্তৰ ঘনিষ্ঠ সুৰজ শৰ্মা; বৰঝাৰ বিমানবন্দৰৰ পৰা আটক কৰা হয় সুৰজ শৰ্মাক

0 91

ৰাজ্যত সংঘটিত হোৱা SI কেলেংকাৰীত সাঙোৰ খাইছে ইজনৰ পিছত সিজন লোকৰ নাম। জালত পৰিছে ইটোৰ পিছত সিটোকৈ ৰৌ–বৰালি। তাৰ মাজতে শুক্ৰবাৰে SI কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তৰ আটাইতকৈ ঘনিষ্ঠ সুৰজ শৰ্মাক গ্ৰেপ্তাৰ কৰা হয় বৰঝাৰ বিমানবন্দৰত। ৰাজস্থানৰ পৰা আহি থকা অৱস্থাত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই এক বিশেষ সূত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰে পি কে দত্তৰ ঘনিষ্ঠ সুৰজ শৰ্মাক। বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে লোকজনক যোৱা হয় গুৱাহাটীৰ অপৰাধ শাখালৈকে।

media school
Leave A Reply

Your email address will not be published.