শীঘ্ৰেই আহিব ভাল খবৰ ! কোভিড কমিছে সমগ্ৰ ৰাজ্যত

0 6,368

ৰাজ্যজুৰি কোভিডৰ যি আতংকৈ সকলোকে হাৰাশাস্তি কৰি তুলিছিল বৰ্তমান সেই পৰিস্থিতি কিছু শাম কটা পৰিলক্ষিত হৈছে। ৰাজ্যত দ্ৰুতগতিত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্তৰ সংখ্যা ৪০৭ গৰাকী আৰু কামৰূপ মেট্ৰ’ত ৯৩ গৰাকী । এই পৰিসংখ্যা ৬১,০৭৬ টা পৰীক্ষাৰ অন্তত সন্মুখলৈ আহিছে । ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ৯৮.২১%লৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪ গৰাকী।

কোভিড এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যচৰকাৰে আগন্তুক দুৰ্গা পূজাৰ বাবে নীতি-নিয়ম সমূহ কিছু শিথিল কৰি দিছে আৰু ৰাজ্যবাসীয়ে অতি উলহ মালহেৰে দুৰ্গা পূজা উদযাপন কৰিব পাৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

media school
Leave A Reply

Your email address will not be published.