পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 2,751

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ। কোভিড পৰিস্থিতিৰ পিছত অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা। উদ্যানখন মুকলি কৰিবলৈ ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে।

প্ৰথম পৰ্যায়ত উদ্যানখনৰ কঁহৰা আৰু বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হ’ব যদিও বাট-পথ মেৰামতি হোৱাৰ পিছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

বৰ্তমান কাজিৰঙাত পৰ্যটকৰ বাবে জীপ ছাফাৰীহে মুকলি হ’ব।

media school
Leave A Reply

Your email address will not be published.