“জনজাতীয় লোকসকল অজ্ঞ”

0 2,187

উত্তৰপূৰ্বাঞ্চলৰ লোকক লৈ আকৌ এক বিতৰ্কিত মন্তব্য । যোৱা কেইসপ্তাহমান আগতে অনলাইন UPSC ট্ৰেইনিং প্লেটফৰ্মত গামোচা মানে জন্তু বুলি অভিহিত কৰা এটা ভিডিও চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতেই পুনৰ এক নতুন বিতৰ্কই এতিয়া স্থান লাভ কৰিছে “Online learning app – Unacademy”ত ।


‘Unacademyr’ ৰ সিদ্ধাৰ্থ সিং নামৰ প্ৰশিক্ষকগৰাকীয়ে জনজাতীয় লোকে কৰা ঝুম খেতিৰ ওপৰত পঢ়াই থাকোতেই মন্তব্য কৰে যে “জনজাতীয় লোকসকল অজ্ঞ আৰু তেওঁলোকৰ লগত কোনোধৰনৰ ভূমিৰ নথি পত্ৰ নাথাকে”।
আৰু এই মন্তব্যৰ পিছতেই এতিয়া ক্ষোভিত হৈ পৰিছে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলবাসী । অৱশেষত এই বিতৰ্কৰ পিছত অনলাইন এপটোৰ পৰা ভিডিওটো আঁতৰাই দিয়া হয় যদিও এই ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে যে কিয় প্ৰতিবাৰে উত্তৰপূৰ্বাঞ্চলৰ বাবে এনেধৰণৰ নানাটা মতবাদ আগবঢ়াই থকা হৈছে আৰু ইয়াৰ বাবে কি উচিত ব্যৱস্থা লোৱা হ’ব

media school
Leave A Reply

Your email address will not be published.