৩০ ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

0 10,678

৩০ ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি পৰ্যটকৰ বাবে খুলি দিয়া হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।বুধবাৰে মাণ্ডলিক বন বিষয়া, মঙলদৈ বন্যপ্ৰাণী বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত এই কথা জনোৱা হৈছে।

ইফালে বানপানীৰ বাবে উদ্যানখনৰ ভিতৰুৱা বাট-পথ বিধ্বস্ত হোৱাত উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ বাবে কেৱল মুখ্য দুৱাৰখনহে খুলি দিব বুলি উল্লেখ কৰে।

অৱশ্যে বিধ্বস্ত হৈ পৰা বাট-পথ কেইটাৰ মেৰামতিৰ কাম চলি আছে আৰু এয়া সম্পূৰ্ণ হৈ উঠিলে সেই পথসমূহো পৰ্যটকৰ বাবে খুলি দিব।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে যোৱা ২ ছেপ্তেম্বৰত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামেৰে নামকৰণ কৰিছিল।

media school
Leave A Reply

Your email address will not be published.