কফি মাথো কফি

0 702

দিনটোৰ ব্যস্ততাৰ অন্তত, বহু ভাগৰৰ মাজত তথা বৰষুণৰ সময়ত হাতত একাপ কফিৰ আমেজ লোৱাৰ কথাই সুকীয়া । কফিয়ে তাৎক্ষণিক সতেজতা দিয়াৰ লগতে ভাগৰো নাশ কৰে। এটা শব্দত প্ৰকাশ কৰিবলৈ হ’লে আমি ক’ব পাৰো যে ব্যস্ত মানুহৰ বাবে কফি হৈ পৰে পৰম বন্ধু। সেইবাবে কফি প্রিয় সকলৰ বাবে ২৯ ছেপ্টেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় কফি দিৱস । ইয়াৰ লগতে ১ অক্টোবৰত পালন কৰা হয় আন্তৰ্জাতিক কফি দিৱস । আৰু এই কফি দিৱসৰ দিনাই Starbucks ৰেষ্টুৰেণ্টে আগবঢ়ায় গ্ৰাহকৰ বাবে আকৰ্ষণীয় অফাৰৰ লগতে বিনামূলীয়া কফি ।

কফিৰ কিছুমান বিশেষ গুণাগুণ আছে যাৰ বাবে কফি হৈ পৰিছে মানুহৰ পৰম বন্ধু –

● কফিয়ে শক্তিৰ স্তৰ উন্নত কৰাৰ লগতে আপোনাক স্মাৰ্ট কৰি তোলে ।

● চৰ্বি দহন কৰাত সহায় কৰে ।

● শাৰীৰিক প্ৰদৰ্শনত যথেষ্ট উন্নত কৰে ।

● অত্যাৱশ্যকীয় পুষ্টি প্ৰদান কৰে ।

● ডায়বেটিচৰ আশংকা হ্ৰাস কৰে ।

● আলঝেইমা ৰোগ আৰু ডিমেনচিয়াৰ পৰা সুৰক্ষিত কৰে।

● পাৰ্কিনছনৰ আশংকা হ্ৰাস কৰে ।

media school
Leave A Reply

Your email address will not be published.