ধেমাজিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট

0 672

ধেমাজিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে। ধেমাজিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত জিলা খনৰ বাবেও বহু গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰে।

ধেমাজিৰ বাবে ঘোষণাঃ

  • আজিৰ কেবিনেটে ধেমাজিৰ উন্নয়নৰ বাবে ৪৩৩ কোটি টকা ধাৰ্য কৰে।
  • ধেমাজিৰ DC কাৰ্যালয়ৰ উন্নীত কৰাৰ বাবে ৫০ কোটি টকা অনুমোদন৷ জিলাৰ সকলো কাৰ্য্যালয় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন হ’ব৷
  • ধেমাজিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকা।
  • জোনাই-মাজুলীলৈ মঠাউৰি৷ ইয়াৰ বাবে ১৮৩ কোটি ধাৰ্য। বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা।
  • ধেমাজিৰ মূল ৰাস্তাটো ডাঙৰ কৰি ডিভাইডাৰৰ জৰিয়তে সজোৱাৰ সিদ্ধান্ত।

ইফালে আজিৰ কেবিনট বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, প্ৰতিমাহে এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব দিছপুৰৰ বাহিৰত। কেবিনেটলৈ অহাৰ সময়ত দুদিন মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰিব। নৱেম্বৰৰ পহিলা সপ্তাহত বঙাইগাঁৱত আৰু ডিচেম্বৰৰ পহিলা সপ্তাহত হাফলংত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।

আজিৰ কেবিনেটে লোৱা অন্যান্য সিদ্ধান্তঃ

  • পূৰ্বে OBCৰ চাৰ্টিফিকেট OBC বৰ্ডে দিছিল৷ এতিয়াৰে পৰা সংশ্লিষ্ট জনগোষ্ঠীৰ বৰ্ডে দিব৷ মটকসকলৰ মটক সন্মিলনীয়ে দিব৷ DCয়ে কাউণ্টাৰ চাইন কৰিব৷
  • মুককচেলেং (জোনাই) আৰু চাৰিকৰিয়া (ঢকুৱাখনা)ৰ ট্ৰাইবেল বেল্টত টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি কিনা বেচা কৰিব পাৰিব ৷ পিছে সেইসকল লোক ২০১১ৰ পূৰ্বৰে পৰা সেই অঞ্চলত থকা হ’ব লাগিব।
  • চাৰিকৰিয়া ট্ৰাইবেল বেল্ট আৰু ব্লক আইডিনটিফাইড আৰু নাথাকিব।
  • মিছন বসুন্ধৰা আঁচনি দুই অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷
  • ডিব্ৰুগড় আৰু শিলচৰ মিউনিচিপেলিটিক ক’ৰপৰেচনলৈ উন্নীত কৰা হ’ব।
  • জাগীৰোড আৰু শিলচৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৭০০ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত ৷ মাটিবোৰ চৰকাৰৰ হ’ব ৷
Leave A Reply

Your email address will not be published.