গোলাঘাটৰ বৰ্ণালী দত্তৰ বৃহৎ সফলতা
আমপাতত এম্বডাৰী কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল গোলাঘাটৰ এগৰাকী মহিলাই ৷ গোলাঘাটৰ নতুন আমল্লাপট্টিৰ নিবাসী বৰ্ণালী দত্ত, মেলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী বিষয় শিক্ষয়িত্ৰী ৷ সন্মান লাভ কৰি বৰ্ণালী দত্তই কয় সময়ৰ সৎব্যৱহাৰ কৰাৰ বাবেই তেওঁ আজি এই সন্মান লাভ কৰিবলৈ সক্ষম হ’ল ৷ এগৰাকী বিবাহিত মহিলা হৈও দত্তই নিজৰ একাগ্ৰতাৰ বলতেই ৰাজ্যখনৰ লগতে গোলাঘাট জিলাখনলৈ এক সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ ভৱিষ্যতে গিনিজ বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ মন এইগৰাকী বৰ্ণালী দত্তৰ ৷ ঘৰুৱা কাম কাজৰ বাবে দিনৰ পৰিৰ্ৱতে নিশা এম্বৰডাৰী কৰা দত্তৰ সফলতাৰ বাবে পৰিয়ালৰ সকলোৱে তেওঁক এইক্ষেত্ৰত সহযোগ কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখযোগ্য যে বৰ্তমান প্ৰতিযোগিতামূলক যুগত বৰ্ণালীৰ দৰে মহিলাই দেখুওৱা এই কৃতকাৰ্যৰ বাবে জিলাখনৰ বাবে এক আদৰ্শ মহিলা হৈ পৰিছে ৷