আজি বিশিষ্ট অভিনেতা আদিল হুছেইনৰ জন্মদিন

0 813

আজি অসমৰ সুযোগ্য সন্তান বৰ্তমান জনপ্ৰিয় Bollywood অভিনেতা আদিল হুছেইনৰ জন্মদিন। অসমৰ গোৱালপাৰাত জন্ম লাভ কৰা এইগৰাকী অভিনেতাৰ বয়স এতিয়া ৫৯ বছৰ। স্কুলীয়া দিনৰ পৰাই অভিনয়ৰ প্ৰতি ৰাপ থকা আদিল হুছেইন ১৮ বছৰ বয়সতে গুৱাহাটীৰ এখন মহাবিদ্যালয়ত দৰ্শন পঢ়িবলৈ ঘৰৰ পৰা পলাই গৈছিল। কলেজত বিশেষকৈ তেখেতে অভিনয় আৰু ষ্টেণ্ড-আপ কমেডি কৰিছিল আৰু পিছলৈ এজন ষ্টেণ্ডআপ কমেডিয়ান হিচাপে তেখেত কৰ্মৰত আছিল।

ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ লগতো তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল আৰু ১৯৯০ চনত তেওঁ দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাত অধ্যয়ন কৰিবলৈ যায় আৰু এক স্ক’লাৰশ্বিপৰ জৰিয়তে তেওঁ ড্ৰামা ষ্টুডিঅ লণ্ডনত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। তেওঁ বলীউডৰ চলচ্চিত্ৰৰ লগতে বহুতো হলীউড চলচ্চিত্ৰতো অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল, মাৰাঠী, মালায়ালম, নৰৱেজিয়ান আৰু ফৰাচী চলচ্চিত্ৰতো ইতিমধ্যে অভিনয় কৰিছে ।

আদিল হুছেইনে ২০০৪ চনত বাংলা চলচ্চিত্ৰ ‘ইতি শ্ৰীকান্ত’ৰ দ্বাৰা বাংলা চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত আদিল হুছেইনৰ চিনেমাৰ যাত্ৰা এনেদৰেই অবিৰাম গতিত অব্যাহত আছে ।২০১২চনত Bollywood ৰ বিখ্যাত অভিনেত্ৰী শ্ৰী দেৱীৰ লগতো তেখেতে “English Vinglish” নামৰ চিনেমা খনত শ্ৰী দেৱীৰ গিৰিয়েক হিচাপে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল

এনেদৰেই নিজৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা আদিল হুছেইন এতিয়া দেশবাসীৰ বাবে এটা চিনাকি নাম ।

media school
Leave A Reply

Your email address will not be published.