পূজাৰ উলহ মালহৰ মাজতেই আন এক সু খবৰ

0 12,813

সমাগত শাৰদীয় দুৰ্গাপূজা । পূজাৰ উলহ মালহৰ মাজতেই ৰাজ্যবাসীলৈ আছে এক সু খবৰ কিয়নো ক্ৰমাৎ ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ হাৰ। যোৱা বছৰৰ পৰা ৰাজ্যত ক’ভিডে যি আতংকৰ সৃষ্টি কৰিছিল সেয়া ক্ৰমে শাম কটা পৰিলক্ষিত হৈছে আৰু বিগত দিনসমূহৰ তুলনাত আহি পৰিছে আশাপ্ৰদ ছবি ।

যোৱা ২৪ ঘণ্টাত ক’ভিদৰ পৰা মুক্তি লাভৰ হাৰ ৯৮.৩২% আৰু দৈনিক আক্ৰান্তৰ হাৰ ১% ৰ তলত লগতে ২৪ ঘণ্টাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ৩০০ গৰাকী আৰু উল্লেখ্য যে কামৰূপ মহানগৰীত নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৯ গৰাকী ।পূজাৰ আগমন তথা ক’ভিড হ্ৰাসে ৰাজ্যবাসীৰ বাবে লৈ আহিছে এক শান্তিৰ উশাহ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইও কোভিডৰ সংক্ৰমণ বৃদ্ধি নহবলৈ পূজাৰ বাবে বান্ধি দিছে কিছু বিশেষ নীতি নিয়ম আৰু তেখেত আশাবাদী যে ৰাজ্য ৰাজ্যবাসীয়ে সম্পূৰ্ণ নিৰ্দেশনা মানি আদৰিব শাৰদীয় দুৰ্গা পূজা ।

media school
Leave A Reply

Your email address will not be published.