মুকেশ আম্বানিৰ সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত সফলতা
মুকেশ আম্বানীৰ অন্য এক সফলতা ।সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে আৰু এখোজ আগবাঢ়িলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড। এই প্ৰসংগত যোৱা ১০ অক্টোবৰত সংস্থাটোৱে কৰে বৃহৎ ঘোষণা।
চীনৰ নেচনেল বলুষ্টাৰ গ্ৰুপৰ REC চোলাৰ হোল্ডিং AS-ৰ ১০০ শতাংশ অংশীদাৰ হিচাপে অধিগ্ৰহণ কৰে ৰিলায়েন্স নিউ এনাৰ্জী চোলাৰ লিমিটেডে। আৰু এতিয়া RNESL পূৰ্ণ ৰূপত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধীনত আছে বুলি জানিব পোৱা গৈছে ।
২০৩০ চনৰ ভিতৰত দেশত ৪৫০ গিগাৱাট পুৰ্ণ নবীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য হাতত লোৱা হৈছিল বুলি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল লগতে ১০০ গিগাৱাট সৌৰশক্তি উৎপাদন হ’ব বুলিও আশ্বাস দিছে সংস্থাটোৱে। প্ৰায় ৭৭১ মিলিয়ন ডলাৰত ৰিলায়েন্স নিউ এনাৰ্জী চোলাৰ লিমিটেডৰ লগত চীনৰ REC চোলাৰ হোল্ডিং ASৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণৰ চুক্তি হোৱা বুলি ৰিলায়েন্সে প্ৰকাশ কৰিছে