নিযুক্তি প্ৰক্ৰিয়া বাতিল, আনুষ্ঠানিক ঘোষণা APDCLৰ

0 545

নিউজ ডেস্ক: এপিডিচিএল পৰীক্ষাৰ কেলেংকাৰীৰ বাবে অৱশেষত বাতিল কৰা হ’ল নিযুক্তি প্ৰক্ৰিয়া।পৰীক্ষা বাতিলৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা বিভাগৰ ।উল্লেখ্য যে ২০১৮বর্ষত অনুষ্ঠিত হৈছিল পৰীক্ষা।সহায়ক আৰু ড্ৰাইভাৰ পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে পদসমূহ লাখ লাখ টকাত বিক্ৰী হোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অনুষ্ঠিত পৰীক্ষাত হোৱা কেলেংকাৰী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰি পোহৰলৈ আনিছিল।ইতিমধ্যে কেলেংকাৰীত জড়িত অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে বহুকেইজন লোক ।

media school
Leave A Reply

Your email address will not be published.