চৰকাৰৰ কঠোৰ নিৰ্দেশনা চেলুন-স্পা-বিউটী পাৰ্লাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা, পঢ়ক সবিশেষ…

0 6,906

চেলুন-স্পা-বিউটী পাৰ্লাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। গুৱাহাটী  পৌৰ নিগমে নিৰ্দিষ্ট চৰ্ত আৰু নিৰ্দেশনাৰ সৈতে মহানগৰীৰ স্পা, বিউটী পাৰ্লাৰ আৰু চেলুনসমূহৰ বাবে ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।উল্লেখযোগ্য যে, এইবোৰ চৰ্ত অনুসৰি পাৰ্লাৰ বা স্পাসমূহৰ ভিতৰত কোনো আছুতীয়া কোঠা বা চেম্বাৰ থাকিব নোৱাৰিব। এই পাৰ্লাৰ, চেলুনসমূহত ট্ৰান্সপেৰেন্ট অৰ্থাৎ ইপাৰ-সিপাৰ দেখা গ্লাছ থকাৰ লগতে যোগ্য থেৰাপিষ্ট নিযুক্ত কৰিব লাগিব।

এই নিৰ্দেশত লগতে উল্লেখ কৰা আছে যে- বিপৰীত লিংগৰ দ্বাৰা থেৰাপী বা মালিচ দিব নোৱাৰিব, এই চেলুন, স্পা, বিউটী পাৰ্লাৰ সমূহলৈ যোৱা গ্ৰাহকৰ যোগাযোগ নম্বৰ আদি জমা ৰাখিব লাগিব প্ৰতিষ্ঠানবোৰৰ কৰ্তৃপক্ষই।

গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে যে মহানগৰীত কোনো লোকে চেলুন খোলা, বিউটী পাৰ্লাৰৰ বৃত্তি গ্ৰহণ কৰাত কোনো ধৰণৰ আপত্তি নাই। কিন্তু নিগম পাব্লিক মৰেলিটী আইনক সন্মান কৰিবলৈ বাধ্য। সেয়েহে কিছুমান নিৰ্দেশনা সাপেক্ষেহে ট্ৰেড লাইচেঞ্চ জাৰি কৰিব।

media school
Leave A Reply

Your email address will not be published.