চীন–পাকিস্তানক বৃদ্ধাংগুষ্ঠ, ভাৰতত S-400 এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ

0 16,596,180

ৰাছিয়াই ভাৰতক এছ-400 ট্ৰিয়ামফ এয়াৰ ডিফেন্স ছিষ্টেম যোগান ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অত্যাধুনিক আৰু বিধ্বংসী এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমৰ প্ৰথম গোটটো ভাৰতৰ ৱেষ্টাৰ্ন ফ্ৰন্টৰ সমীপত অচিৰেই মোতায়েন কৰাৰ সম্ভাৱনা আছে।
ডুবাই এয়াৰ শ্ব’ত ৰাছিয়ান ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী-টেকনিকেল কো-অপাৰেচনৰ সঞ্চালক ডিমিত্ৰী চুগায়েভে এই বিষয়ে প্ৰকাশ কৰে। এফএছএমটিচি হৈছে ৰাছিয়ান চৰকাৰৰ মুখ্য প্ৰতিৰক্ষা ৰপ্তানি নিয়ন্ত্ৰণ সংস্থা।

এই স্কোয়াড্ৰনৰ প্ৰথম অংশ ইতিমধ্যে ভাৰতলৈ প্ৰেৰণ কৰা হৈছে । এই অত্যাধুনিক এয়াৰ ডিফেন্স ছিষ্টেম ইউনিটটো দেশৰ এনে এক স্থানত নিয়োজিত কৰা হ’ব, য’ত ই পাকিস্তান আৰু চীন চুবুৰীয়া এই দুয়োখন দেশৰ পৰা আহিব পৰা ভাবুকিসমূহ প্ৰতিৰোধ কৰিব পাৰে।

এই এয়াৰ ডিফেন্স মিছাইল প্ৰণালীৰ অংশবোৰ বায়ু আৰু সাগৰীয় দুয়োটা পথৰ মাজেৰে আহি আছে আৰু দেশৰ নিৰ্ধাৰিত স্থানত অতি শীঘ্ৰে মোতায়েন কৰা হ’ব বুলি বিশেষ সূত্ৰৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। 

এয়াৰ ডিফেন্স ছিষ্টেমৰ প্ৰথমটো স্কোয়াড্ৰন ভাৰতলৈ অহা সম্পূৰ্ণ হ’ব এই বছৰৰ শেষৰ ফালে । আৰু ইয়াক স্থাপন কৰাৰ পিছত ভাৰতীয় বায়ু সেনাই দেশৰ ইষ্টাৰ্ন ফ্ৰন্টত এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি প্ৰকাশ পাইছে । ভাৰতীয় বায়ুসেনা বাহিনীয়ে তেওঁলোকৰ একাংশ বিষয়া-কৰ্মচাৰীক ইয়াৰ বাবে দেশৰ ভিতৰতে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ।

Leave A Reply

Your email address will not be published.