গৌতম গম্ভীৰলৈ আই এছ আই এছৰ হত্যাৰ ভাবুকি: বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা…

0 800

ডিজিটেল ডেস্কঃ প্ৰাণৰ সংশয়ত ভুগিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা পূব দিল্লীৰ বিজপি সাংসদ গৌতম গম্ভীৰে। ২০১১ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ অন্যতম নায়ক গম্ভীৰে প্ৰাণৰ সংশয়ৰ বাবেই বৃদ্ধি কৰিছে তেওঁৰ নিৰাপত্ত। গম্ভীৰে কৈছে যে, আই এছ আই এছ কাশ্মীৰ তেওঁৰ জীৱনৰ বাবে ভাবুকি।

উল্লেখ্য যে, গৌতম গম্ভীৰে উল্লেখ কৰিছেযে, তেওঁ আই এছ আই এছ কাশ্মীৰৰ পৰা মৃত্যুৰ ভাবুকি পাইছে। ইয়াৰ পিছতে তেওঁ এই বিষয়ে অভিযোগ দাখিল কৰিছে আৰু তেওঁৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ অনুৰোধ জনাইছিল

ইয়াৰ পিছতে গম্ভীৰৰ নিৰাপত্তা ব্যৱস্থাত অধিক কটকটীয়া কৰাৰ লগতে তেওঁৰ গৃহৰ সন্মুখতো বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
উল্লেখ্য যে, ডি চি পি চেণ্ট্ৰেল শ্বেতা চৌহানে চৌহানে কৈছে যে, গম্ভীৰক মৃত্যুৰ ভাবুকি দিয়া বিষয়ত তদন্ত অব্যাহত আছে। তেওঁৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.