আপুনি লাভ কৰা নাই নেকি ৰন্ধন গেছৰ ৰাজসাহাৰ্য ?কিদৰে লাভ কৰিব ৰন্ধন গেছৰ ৰাজসাহায্য,পঢ়ক এই প্ৰতিবেদন

0 9,525

ডিজিটেল ডেস্কঃ ৰন্ধন গেছৰ ৰাজসাহাৰ্য আপুনি লাভ কৰা নাই নেকি? এতিয়াৰে পৰা আপুনি ৰন্ধনগেছৰ ৰাজসাহায্য লাভ নকৰিলে দিব পাৰিব অভিযোগ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ উপভোক্তাই লাভ কৰা নাই ৰাজসাহায্য। এই বিষয়ে বিভিন্ন সময়ত চৰ্চা হৈ আহিছিল। এই সমগ্ৰ বিষয়ৰ ওপৰত দৃষ্টি ৰাখি শেহতীয়াকৈ মুকলি কৰা হৈছে এটা অভিযোগ নম্বৰ।ৰন্ধনগেছৰ ৰাজসাহায্য লাভ নকৰা উপভোক্তাই ১৮০০২৩৩৩৫৫৫ নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। আনহাতে এই অভিযোগ ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইট cx.indianoil.in ৰ জৰিয়তে ঘৰতেই বহি এই বিষয়ে অভিযোগ দাখিল কৰিব পাৰিব। ৱেবছাইটত থকা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আপুনি দাখিল কৰিব পাৰিব অভিযোগ।

উল্লেখ্য যে, চৰকাৰে আকৌ এবাৰ যোগ্য হিতাধিকাৰীসকলৰ হিতাধিকাৰীৰ হিচাপত এল পি জি ৰাজসাহায্য বিতৰণ কৰা আৰম্ভ কৰিছে। এলপিজি গেছ গ্ৰাহকসকলক ৰাজসাহায্য হিচাপে প্ৰতি চিলিণ্ডাৰত ৭৯.২৬ টকা দিয়া হৈছে। আনহাতে কিছুমান হিতাধিকাৰীৰ বাবে প্ৰতি চিলিণ্ডাৰত ৰাজসাহায্য হৈছে ১৫৮.৫২ টকাৰ পৰা ২৩৭.৭৮ টকা।

ৰাজসাহায্য লাভ কৰা উপভোক্তাসকলে বজাৰ মূল্যতে ইন্ধন ক্ৰয় কৰিব লাগিব। ইয়াৰ পিছত চৰকাৰে ৰাজসাহায্যৰ পৰিমাণ পোনপটীয়াকৈ ব্যৱহাৰকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিব। এটা পৰিয়ালক এটা বছৰত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ ১২ টালৈকে ৰাজসাহায্য প্ৰদান কৰিব।

আপুনি ৰাজসাহায্য লাভ কৰিছে নে নাই সেই বিষয়ে নিজাকৈ পৰীক্ষা কৰিব পাৰিব। তাৰ বাবে আপুনি cx.indianoil.in ৱেবছাইটৰ জৰিয়তে তথ্য লাভ কৰিব পাৰিব।

media school
Leave A Reply

Your email address will not be published.