পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাতৃ কলাৰৱালী’ৰ মৃত্যু,কলাৰৱালী’ৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

0 1,819

মধ্যপ্ৰদেশৰ পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানত শেষ নিশ্বাস ত্যাগ কৰা বাঘিনীজনীৰ প্ৰতি শোক ব্যক্ত কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। ‘কলাৰৱালী’ বুলি পৰিচিত বাঘিনীজনীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১৭ বছৰ। বন্যপ্ৰাণী বিশেষজ্ঞ সকলৰ মতে বাঘৰ সাধাৰণতে গড় আয়ুস হয় ১২ বছৰ, কিন্তু এই ‘কলাৰৱালী’ ১৭ বছৰ পৰ্যন্ত জীয়াই থাকি এক অভিলেখেই স্থাপন কৰিছিল। ‘কলাৰৱালী’ৰ মৃত্যুৰ বাতৰি প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে।

বন্যপ্ৰাণী বিভাগত ‘কলাৰৱলী’ক T15 নামেৰে আনুষ্ঠানিক ভাৱে জনা গৈছিল।
বিস্ময়কৰ কথা যে ২০০৮ চনৰ পৰা ২০১৮ চনৰ ভিতৰৰ এই এঘাৰ বছৰীয়া সময়ছোৱাত ‘কলাৰৱালী’য়ে ২৯টা পোৱালীৰ জন্ম দিছিল। ইয়াৰে অৱশ্যে চাৰিটা পোৱালিৰ মৃত্যু হৈছিল।

কলাৰৱালী’ক পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাতৃ বুলিও আখ্যা দিয়া হৈছিল। পৰ্যটকসকলৰ মাজতো জনপ্ৰিয় ‘কলাৰৱালী’ৰ দৰ্শনৰ বাবে পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান এক আকৰ্ষণীয় বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।
উল্লেখযোগ্য যে, বিবিচি আৰ্থ ডকুমেন্টেৰী ছিৰিজত ‘কলাৰৱালী’ক লৈ ২০১০ চনত নিৰ্মাণ কৰা হৈছিল “Tiger Spy in the Jungle” নামৰ এখন তথ্যচিত্ৰ।

media school
Leave A Reply

Your email address will not be published.