দেশত সামান্য নিম্নগামী হৈছে ‌কোভিড সংক্ৰমণ

0 506

দেশত সামান্য নিম্নগামী হৈছে ‌কোভিড সংক্ৰমণ

দেশত কোভিড-১৯ৰ সংক্ৰমণে প্ৰবল আতংকৰ সৃষ্টি কৰাৰ মাজতে বিগত ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণ সামান্য নিম্নগামী হোৱা দেখা গৈছে। শনি বাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩লাখ ৩ ৭হাজাৰ ৭০ ৪ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

শুকুৰবাৰে দেশত মুঠ আক্ৰান্ত হৈছিল ৩লাখ ৪৭হাজাৰ ২৫৪ গৰাকী লোক।দেশত পজিটিভিটিৰ হাৰ হৈছে ১৭.২২শতাংশ।যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৮৮ গৰাকী। আনহাতে দেশত এতিয়ালৈকে ১০ হাজাৰ ৫০ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে। পূৰ্বৰ দিনৰ তুলনাত এয়া ৩.৬৯শতাংশ বৃদ্ধি পাইছে।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.