বিশ্ব নেতা জনপ্ৰিয়তাৰ শীৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী

0 520

বিশ্ব নেতা জনপ্ৰিয়তাৰ শীৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী

বিশ্ব নেতা জনপ্ৰিয়তাৰ শীৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।মর্নিং কনসাল্ট পলিটিকেল ইন্টেলিজেন্ট চলোৱা এক সমীক্ষাত বিশ্বৰ জনপ্ৰিয় নেতা স্বীকৃতি পাইছে নৰেন্দ্ৰ মোদীয়ে। তালিকাত ১৩ বিশ্ব নেতাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৭১ শতাংশৰে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা হিচাপে স্বীকৃতি লাভ কৰিছে।


প্ৰধানমন্ত্ৰী মোদীয়ে ৭১ শতাংশ লাভ কৰা বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৪৩ শতাংশৰে ষষ্ঠ স্থান লাভ কৰিছে।মর্নিং কনছাল্টে বেৱছাইটত প্ৰকাশ কৰিছে যে,২০২১ চনৰ মে মাহত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল যদিও ২০২২ চনত পুনৰ মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।২০২১ চনৰ মে মাহত মোদীৰ জনপ্ৰিয়তা ৬৩ শতাংশৰ বিপৰীতে শুকুৰবাৰে প্ৰকাশ কৰা মোদীৰ জনপ্ৰিয়তা ৭১ শতাংশ লৈ বৃদ্ধি হৈছে। সমীক্ষাত মোদীৰ পাছতেই স্থান লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে।
News Desk, E News Ne

Leave A Reply

Your email address will not be published.