টিকাকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা

0 9,785

টিকাকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে টিকাকৰণ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে।নতুন নিৰ্দেশনা অনুসৰি কʼৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীসকলক আৰোগ্য হোৱাৰ তিনি মাহ পিছত টিকাকৰণ কৰা হ’ব।এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে কৈছে যে সংক্ৰমিত লোকৰ টিকাকৰণ তিনি মাহ পলম হ’ব। ইয়াত অন্তৰ্ভুক্ত থাকে ‘সাৱধানতামূলক’ পালি।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব বিকাশ শীলে কয়, “অনুগ্ৰহ কৰি মন কৰিব যে যিসকল ব্যক্তিৰ কোভিড-১৯ সংক্ৰমণ হৈছে তেওঁলোকক এতিয়া আৰোগ্য হোৱাৰ তিনি মাহ পিছত প্ৰতিষেধক পালি প্ৰদান কৰা হ’ব। ইয়াত ‘সাবধানতামূলক’ পালি অন্তর্ভুক্ত আছে,’।
News Desk, E News Ne

media school
Leave A Reply

Your email address will not be published.